১২ মে’ তাৰিখে নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ।
নিৰ্দেশনা অনুসৰি, পুৱা ৯ বজাৰ পৰা ২ বজালৈকে বন্ধ থাকিব কইনাধাৰা পৰা বিমান বন্দৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ।বন্ধ থাকিব গধুৰ বাহন আৰু ধীৰ গতি চলাচল কৰা বাহন বাবে
কইনাধৰাৰ পৰা জালুকবাৰী AEC পইণ্টৰ লৈকে কেৱল এটা লেনতেই যানবাহন চলিবলৈ অনুমতি প্ৰদান
ট্ৰাক, ড্ৰাম্পাৰ, হাইড্ৰা ইত্যাদি বাহন চলিব নোৱাৰিব এই পথত।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোডেৰে যাতায়াত কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
বিমান বন্দৰলৈ গ’লে দুঘণ্টাৰ পূৰ্বে যাবলৈ আহ্বান প্ৰশাসনৰ। এটা লেন যিকোনো আপাতকালীন বিষয় আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে বন্ধ ৰাখিব। ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনত কোনো যানবাহন পাৰ্কিং কৰিব নোৱাৰিব।
বতাহঘূলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰাৰ ৰাস্তাৰ কাষত পাৰ্কিং কৰিব নোৱাৰিব। সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথ ইত্যাদি পথত অনুষ্ঠানলৈ অহা বাহন সমূহৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ’ব।