ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ বৃহৎ সফলতা। মিজোৰামৰ পৰা শ্ৰীভূমি জিলালৈ চোৰাংভাৱে অনাৰ সময়ত লক্ষ্মীনগৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰে। ঘটনাসন্দৰ্ভত এজন ২৬ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে।। ধৃত যুৱকজনৰ নাম মঞ্জুৰ হুছেইন।
ধৃত যুৱকজনৰ ঘৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ ফকুৱা জাতিয়া গাঁৱত।বুলি জানিব পৰা গৈছে
জানিব পৰা মতে, AS 01 EN 1875 নম্বৰৰ এখন বাহনত পৰিবহণ কৰা হৈছিল ইয়াবা টেবলেটসমূহ।
প্ৰাথমিক তথ্য অনুসৰি উদ্ধাৰ হোৱা য়াবা টেবলেটৰ সংখ্যা প্ৰায় ৬০ হাজাৰ। যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩ কোটি টকা। লক্ষ্মীনগৰ আৰক্ষী আউটপোষ্টৰ অন্তৰ্গত অঞ্চলটোত অভিযান চলায়। এই বিপুল পৰিমাণৰ ড্ৰাগছ মিজোৰামৰ পৰা শ্ৰীভূমিলৈ কেনেদৰে সৰবৰাহ হৈছিল আৰু ইয়াৰ লগত এটা বৃহৎ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে। এই ঘটনাৰ লগত ড্ৰাগছ সৰবৰাহৰ চক্ৰটোৰ আন কোনো সদস্য জড়িত আছে নে নাই সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে।