ঢকুৱাখনা সমজিলাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি বাঁহপৰা গাঁও নিবাসী জগত ডেকাৰ ভঁৰালঘৰত অগ্নিকাণ্ড ।
জানিব পৰা মতে, শুক্ৰবাৰে সন্ধিয়া ডেকাৰ ভঁৰাল ঘৰত ৰহস্যজনক কাৰণত সংঘটিত অগ্নিকাণ্ডত ডেকাৰ ভৰুণ ভঁৰালৰ সমস্ত ধানৰ লগতে ভঁৰালৰ তলত গৰালত বান্ধি থোৱা মুঠ ১০টাকৈ ছাগলী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়।
পৰিয়ালটোৱে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপনৰ চেষ্টা কৰিও বিফল হয়। পাছত ঢকুৱাখনা অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিতিত আৰক্ষী আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপন হয় যদিও জুইত সমস্ত ধানভৰ্তি ভঁৰাল আৰু পশু ধন ছাই হৈ যায় ।অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই ।