মহানগৰীৰ পানীখাইতীৰ আমগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা।
আমগাঁৱৰ জামে মছজিদৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনাটো।
চন্দ্রপুৰৰ পৰা তীব্ৰ বেগেৰে অহা AS32-C-2221 নম্বৰৰ ডি আই ট্ৰাকখনে বিপৰীত দিশেৰে অহা এখন ডি আই মিনি ট্ৰাকত মুখামুখি খুন্দা মাৰে।
ফলত গাড়ী দুয়োখনৰ বিস্তাৰ ক্ষতি সাধন হোৱাৰ লগতে চালক দুজন আহত হয়।
পথ দুর্ঘটনাৰ ফলত নাৰেংগী- চন্দ্রপুৰ ঘাই পথত ভয়াবহ যান যটৰ সৃষ্টি হয়।
পিছত আৰক্ষীয়ে দুয়োখন গাড়ী উদ্ধাৰ কৰি পথ মুকলি কৰি দিয়ে।