ফাদিল হ’ল গুৱাহাটীৰ বৰা ছাৰ্ভিছৰ মাঝাৰ ৰোডত অৱস্থিত স্পাইচ ৰেক্স বিপণীত ডকাইতি কাণ্ডৰ

ফাদিল হ’ল গুৱাহাটীৰ বৰা ছাৰ্ভিছৰ মাঝাৰ ৰোডত অৱস্থিত স্পাইচ ৰেক্স বিপণীত ডকাইতি কাণ্ডৰ।

ডকাইতিৰ আঁৰত হাত বিপণীখনৰ দুই কৰ্মচাৰীৰ এই ঘটনাৰ সৈতে জড়িত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, বিপণীখনৰ দুই কৰ্মচাৰী চাহিল আহমেদ আৰু ভাস্কৰ দাসে দ্বীপন পাছিৰ সৈতে মিলি ডকাইতিৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুসৰিয়েই হাতত পিষ্টল লৈ মুখা পিন্ধি বিপণীখনত প্ৰৱেশ কৰিছিল দ্বীপন পাছিয়ে। সেই সময়ত কেচ কাউণ্টাৰত বহি আছিল দুই কৰ্মচাৰী।

পিষ্টল টোঁৱাই ভাবুকি দিয়াৰ লগে লগে মাত্ৰ ১০ ছেকেণ্ডৰ ভিতৰতে টকাৰ বেগটো দ্বীপন পাছিৰ হাতত তুলি দিছিল দুই কৰ্মচাৰীয়ে। তাৰ পিছতে সমগ্ৰ ঘটনাক প্ৰকৃত ডকাইতিৰ ৰূপ দিবলৈ নাটক ৰচিছিল দুই কৰ্মচাৰীয়ে। আনকি সংবাদ মাধ্যমৰ সন্মুখতো চাহিল আহমেদ আৰু ভাস্কৰ দাসে ঘটনাটোক ডকাইতি বুলি উল্লেখ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *