শৰতৰ জোনাকত মাজুলীত ৰাধা-কৃষ্ণৰ কেলি, মহিলা ৰাসত মন্ত্ৰমুগ্ধ দৰ্শক

শৰতৰ স্নিগ্ধ জোনাকত যেতিয়া বৃন্দাবন জাগি উঠিল, তেতিয়া মাজুলীৰ শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘৰ ৰাস মঞ্চতো জাগি উঠিল ৰাধা-কৃষ্ণৰ প্ৰেম কেলি।

তিনি দিনীয়াকৈ উদযাপন কৰা ৰাস মহোৎসৱৰ শেষৰ দিনা মঞ্চায়ন হ’ল মহিলা ৰাস আৰু এই মহিলা ৰাসেই মুহিলে সমগ্ৰ দৰ্শকক।

কৃষ্ণ ৰূপত মহিলা, মহিলা কৃষ্ণই কেলি কৰিলে ১৬ শ গোপীৰ সৈতে।

বাঁহীৰ সুৰত মুখৰিত হ’ল সমগ্ৰ মঞ্চ।

ৰাধাৰ হাঁহি, গোপীসকলৰ নৃত্য… যেন সঁচাকৈয়ে বৃন্দাবন নামি আহিল মাজুলীলৈ।

শৰতৰ স্নিগ্ধ জোনাক, আৰু তাৰ মাজতে ৰাধা-কৃষ্ণৰ সেই অমৰ প্ৰেম কাহিনী।

শ্ৰীৰাম আঞ্চলিক কৃষ্টি সংঘৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰিলে – ৰাস কেৱল পুৰুষৰেই নহয়, মহিলাৰ হাততো ৰাস সমানেই জীৱন্ত হৈ উঠিব পাৰে।

মহিলা শিল্পীসকলৰ সাজ-পোছাক, অভিনয় আৰু নৃত্যৰ প্ৰতিটো মুদ্ৰাই আকৰ্ষণ কৰিলে দৰ্শকক।

সঁচাকৈয়ে, মাজুলীৰ এই মহিলা ৰাসে এইবাৰৰ ৰাস মহোৎসৱক এক বিশেষ মাত্ৰা প্ৰদান কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *