কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু।
সদৌ অসম কৈৱৰ্ত ছাত্র সন্থাই এজাহাৰ।দাখিল কৰে প্ৰিয়ংকাৰ বিৰুদ্ধে
উল্লেখ্য যে, চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলনত এজন যুৱকে চেলফি লোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ।
প্ৰিয়ংকা ভৰালীয়ে যুৱকজনক ডিঙিত ধৰি মঞ্চৰ পৰা গতিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল একাংশই।
চাবুৱাৰ এই ঘটনাক লৈ আৰক্ষীৰ কাষ চাপিছে এইবাৰ জনজাতীয় সংগঠনটোৱে।
উল্লেখ্য যে ঘটনাৰ পিছতে কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে যুৱকজনে অশালীন ইংগিত দিয়া বুলি অভিযোগ উত্থাপন কৰিছিল।