জাগীৰোডৰ মনহাত এখন চাৰিচকীয়া বাহনত উদ্ধাৰ চালকৰ মৃতদেহ। মৃত চালকজন মৰিগাঁৱৰ দলবাৰী নিবাসী আশ্ৰাফুল ইছলাম বুলি জানিব পৰা হৈছে।
জানিব পৰা মতে, বুঢ়াবুঢ়ীৰ পৰা গুৱাহাটীলৈ কেইবাজনো লোকে আশ্ৰাফুল ইছলামৰ গাড়ীখন ভাড়া লৈ গৈছিল। গুৱাহাটীৰ পৰা উভতি অহাৰ পথত গাড়ীখনত যাত্ৰা কৰা এজন যাত্ৰীৰ আচৰণক লৈ আশ্ৰাফুলৰ সন্দেহ ওপজিছিল। এই সন্দেহৰ কথা তেওঁ ফোনযোগেপত্নীকো অৱগত কৰিছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। ইয়াৰ পিছতে পথৰ কাষৰ এটা দ’ খাৱৈত ৰহস্যজনকভাৱে গাড়ীখন উদ্ধাৰ হোৱাৰ লগতে তাৰ ভিতৰতে আশ্ৰাফুলৰ মৃতদেহ পোৱা যায়।
মৃত আশ্ৰাফুল ইছলামৰ পৰিয়ালে এই মৃত্যুক সাধাৰণ পথ দুৰ্ঘটনাৰ মৃত্যু বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে।
পৰিয়ালৰ লোকৰ স্পষ্ট অভিযোগ যে, এয়া কোনো দুৰ্ঘটনা নহয়, বৰঞ্চ এক পৰিকল্পিত হত্যাকাণ্ড।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।