চামগুৰিৰ ৰঙাগড়াত হিট এণ্ড ৰান’ৰ ঘটনা।

চামগুৰিৰ ৰঙাগড়াত হিট এণ্ড ৰান’ৰ ঘটনা। তীব্ৰবেগী বাহনে খুন্দিয়ালে পথচাৰীক।পথচাৰীক খুন্দিয়াই থৈ ঘটনাস্থলীৰ পৰা পলায়ন বাহন চালকৰ

প্ৰত্যক্ষদৰ্শীৰ সূত্ৰে জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 04 AH 8088। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পথচাৰীজন ৰাজপথতে তেজেৰে লুতুৰি-পুতুৰি হৈ সংকটজনক অৱস্থাত পৰি ৰয়। বৰ্তমানলৈকে জানিব পৰা হোৱা গুৰুতৰভাৱে আহত পথচাৰীজনৰ পৰিচয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে জৰুৰীকালীন ১০৮ মৃত্যুঞ্জয় সেৱাক খবৰ দিছিল যদিও বহু সময় ধৰি ঘটনাস্থলীত এম্বুলেন্স উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

মুমূৰ্ষু অৱস্থাত পৰি থকা লোকজনৰ জীৱন ৰক্ষাৰ স্বাৰ্থত অৱশেষত স্থানীয় সচেতন ৰাইজে তৎপৰতাৰে এখন ই-ৰিক্সাৰ সহায়তেই আহত লোকজনক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জৰুৰীকালীন সেৱাৰ এনে হেমাহিক লৈ ঘটনাস্থলীত তীব্ৰ উত্তেজনা আৰু ক্ষোভৰ সৃষ্টি হয়।

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চামগুৰি আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীয়ে প্ৰদান কৰা বাহনৰ নম্বৰৰ ভিত্তিত পলাতক বাহনখনৰ লগতে চালকজনক কৰায়ত্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *