ষট পূজ হৈছে সূৰ্য আৰু ‘ছটি মাই’ৰ প্ৰতি উৎসৰ্গিত প্ৰাচীন হিন্দু উৎসৱ, যিটো পৰম্পৰাগতভাৱে কাতি মাহৰ শুক্ল পক্ষৰ ষষ্ঠ দিনটোত পালন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ আদিত এই উৎসৱ অতি উলহ-মালহেৰে উদযাপন কৰা হয়। বৰ্তমান সময়ত এই উৎসৱৰ প্ৰসাৰতা বৃদ্ধি হৈ দেশৰ সকলো প্ৰান্ততে এই উৎসৱ পালন কৰা দেখা যায়। ষট পূজাত সূৰ্য দেৱতাৰ ওচৰত পৰিয়ালৰ লগতে সকলোৰে বাবে সুখ-শান্তি আৰু দীৰ্ঘায়ু বিচাৰি প্ৰাৰ্থনা কৰা দেখা যায়।
এই ষট পূজাৰ বহু বিশেষত্ব আছে সেয়া হৈছে এই উৎসৱত কোনো মূৰ্তি পূজা কৰা নহয় আৰু এই উৎসৱত ভক্তসকলে বহু নীতি-নিয়ম মানি চলে আৰু কঠোৰ উপবাসে থকা দেখা যায়। ষট পূজাত মূৰ্তি পূজাৰ পৰিৱৰ্তে উদিত আৰু অস্ত যোৱা সূৰ্যক সেৱা কৰি ভক্তসকলে প্ৰসাদ দিয়া দেখা যায়।
ষট পূজাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীৰ গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা আৰু পথ নিৰ্দেশনা জাৰি কৰিছে ।
দেওবাৰ আৰু সোমবাৰে ষট পূজাৰ সময়ছোৱাত মহানগৰীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ’ব। যান-বাহন আৰক্ষীৰ বিজ্ঞপ্তি অনুসৰি, আজি পুৱা ১১ বজাৰ পৰা কাৰ্যকৰী হোৱা এই নিৰ্দেশনা সোমবাৰৰ পুৱা ১১ বজালৈ প্ৰযোজ্য হৈ থাকিব।
নিৰ্দেশনা অনুসৰি, মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসভৱনৰ দিশলৈ এম জি ৰোডৰ নিৰ্দিষ্ট অংশত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ষট পূজাৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত অৱশ্যে এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব। ইফালে, খানাপাৰা আৰু জালুকবাৰীৰ দিশৰ পৰা অহা চিটী বাছ আৰু ASTC বাছৰ চলাচলৰ ক্ষেত্ৰতো বিকল্প পথ নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দিষ্ট নিৰ্দেশনা অনুসৰি, এই বাহনসমূহে জি এছ ৰোড, এ টি ৰোড আৰু অন্যান্য নিৰ্ধাৰিত পথ ব্যৱহাৰ কৰিব লাগিব। লগতে বিভিন্ন দিশৰ পৰা অহা বাহনৰ বাবে পৃথক পথ সলনিৰ ব্যৱস্থা কৰা হৈছে।
পাৰ্কিঙৰ ব্যৱস্থা
ষট পূজালৈ অহা ভক্তসকলৰ বাহন পাৰ্কিঙৰ বাবে লতাশিল খেলপথাৰ, লক্ষ্মী গলি, চেম্বাৰ ৰোড, এন এইচ ৰোড, এইচ আৰ বি ৰোড আৰু এম জি ৰোডৰ নিৰ্দিষ্ট স্থানসমূহ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতো বাহন পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ উপৰি লক্ষ্মী গলি, চেম্বাৰ ৰোড, কেদাৰ ৰোডকে ধৰি কেইবাটাও পথত ট্ৰাক আৰু গধুৰ বাণিজ্যিক বাহন পাৰ্কিং কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ষট পূজাৰ সময়ছোৱাত মহানগৰীত যান-জঁট নিয়ন্ত্ৰণ আৰু ভক্তসকলৰ যাতায়াত সুচল কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেয়ে যান-বাহন আৰক্ষীৰ নিৰ্দেশনা মানি চলিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।