ভাই ফোটা উৎসৱৰ আনন্দৰ মাজতে চোৰৰ লুটপাত

ভাই ফোটা উৎসৱৰ আনন্দৰ মাজতে চোৰৰ লুটপাত।জামুগুৰিহাটৰ তৌভঙা গাঁৱত দিন-দুপৰতে চুৰিকাণ্ড।

গাঁৱখনৰ দুটাকৈ পৰিয়ালৰ সদস্যসকল ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি গভাইত চোৰৰ লুটপাট।

চোৰৰ দলৰ বাসগৃহত প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ আ-অলংকাৰসহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি লুটি উধাও হয়।

জানিব পৰা মতে, ভাইটিকা উৎসৱ উপলক্ষে তৌভঙা গাঁৱৰ লীলা গিৰি নামৰ লোকজনৰ পৰিয়ালৰ সদস্যসকল ঘৰত নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে বাসগৃহটোত প্ৰৱেশ কৰে। চোৰৰ দলটোৱে ঘৰৰ ভিতৰত থকা গডৰেজৰ লকাৰ ভাঙি নগদ ২ লাখ ৬০ হাজাৰ টকা আৰু প্ৰায় ১ লাখ ৫০ হাজাৰ টকা মূল্যৰ সোণৰ আ-অলংকাৰ লুটি লৈ যায়।একেদিনাই গাঁওখনৰ তৌভাৰ লাইন হোটেলৰ সমীপৰ বাসিন্দাপদম প্ৰসাদ প্ৰধান নামৰ লোকজনৰ বাসগৃহতো অনুৰূপ ধৰণে চুৰিকাণ্ড সংঘটিত হয়। পৰিয়ালটো ঘৰত নথকাৰ সুযোগতে চোৰে ঘৰৰ গডৰেজৰ লকাৰ ভাঙি নগদ ২০ হাজাৰ টকা আৰু প্ৰায় ১ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ লুট কৰি নিয়ে।

পাছত দুয়োটা পৰিয়ালৰ লোকসকল ঘৰলৈ উভতি আহি ঘৰৰ আচবাব লণ্ডভণ্ড হৈ থকাৰ লগতে গডৰেজৰ লকাৰ ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। দিনৰ পোহৰতে সংঘটিত হোৱা এই দুটাকৈ চুৰিকাণ্ডত মুঠ ৫ লাখ ৩০ হাজাৰ টকাৰো অধিক মূল্যৰ নগদ ধন আৰু আ-অলংকাৰ চোৰে লুটি নিয়া বুলি জানিব পৰা গৈছে।

আনহাতে,ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *