মৰ্মান্তিক! অকালতে প্ৰাণ গ’ল ২ যুৱকৰ

লখিমপুৰৰ ঢকুৱাখনাত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে মাজনিশা প্ৰায় ১২-২০ বজাত সংঘটিত এক শিহৰণকাৰী পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে দুজন যুৱকে। দুৰ্ঘটনাটোত আন তিনিজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, চিচি–টেকেলীফুটা মথাউৰিত নিশা প্ৰায় ১২ বাজি ২৫ মিনিটত এ এছ ০১ /এফ জি /২৭২২ নম্বৰৰ মাৰুতি এল্ট’ বাহনত তীব্ৰ বেগেৰে ব্ৰহ্মপুত্ৰৰ মথাউৰী পথেৰে মাজুলীৰ দিশৰ পৰা আহি মথাউৰীৰ দাঁতিত থকা বিদ্যুতৰ খুটাত প্ৰচণ্ড জোৰত খুন্দিয়াই মথাউৰীৰ পৰা বাগৰি বহু তলত ছিটিকি পৰে ।

দুৰ্ঘটনাৰ ফলত বাহনখনত থকা পাঁচজন যুৱক ক্ৰমে মৰনৈ বেবেজীয়া মাজগাঁৱৰ প্ৰদান বৰুৱা (দুৰ্লভ ) (২১)বিচিত্ৰ বৰা(২১) ,বিশ্বজিৎ শইকীয়া(২২) অংকুৰজ্যোতি শইকীয়া(২৩) আৰু বিশ্বজিৎ খনিকৰ(২০) গুৰুতৰভাৱে আহত হয় ।

ইয়াৰে প্ৰদান বৰুৱা (দুৰ্লভ ) আৰু বিচিত্ৰ বৰাক জৰুৰীভাৱে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে অনা হয় । কিন্তু চিকিৎসকে চিকিৎসাৰ পূৰ্বে মৃত ঘোষণা কৰে। ইপিনে বাহনখনত থকা বিশ্বজিৎ শইকীয়া, অংকুৰজ্যোতি শইকীয়া আৰু বিশ্বজিৎ খনিকৰ নামৰ আন তিনিজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ঢকুৱাখনাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান আহত সকল সংকট মুক্ত বুলি জনা গৈছে ।

দুয়োজনৰে ঘৰ ঘিলামৰাৰ বেবেজীয়া মাজগাঁৱত বুলি জানিব পৰা গৈছে। ইফালে, দুৰ্ঘটনাটোত আন তিনিজন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বাহনখন কেনেকৈ নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত হ’ল, সেই বিষয়ে তদন্ত অব্যাহত আছে। এই মৰ্মান্তিক পথ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *