ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিখন বাহনৰ মাজত সংঘৰ্ষ

জালুকবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখন বাহনৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজন ।

জানিব পৰা মতে, জালুকবাৰীৰ পৰা ধাৰাপুৰ অভিমুখে তীব্ৰবেগত গৈ থকা এখন নীলা ৰঙৰ ‘নিঅ’ছ’ (NIOS) চাৰিচকীয়া বাহনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ গছত খুন্দা মাৰে। ইয়াৰ পিছতে বাহনখনে বিপৰীত দিশলৈ গৈ ধাৰাপুৰৰ পৰা জালুকবাৰী অভিমুখে আহি থকা AS01UY3484 নম্বৰৰ এখন ‘চুইফ্ট’ (Swift) বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষৰ ফলত চুইফ্ট বাহনখনৰ চালকজনেও নিয়ন্ত্ৰণ হেৰুৱাই এখন ই-ৰিক্সা অটোত খুন্দা মাৰে।

দুৰ্ঘটনাটোত দুয়োখন চাৰিচকীয়া বাহনৰ গৰাকী গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত জালুকবাৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়।

আৰক্ষীয়ে কিছু সময়ৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন আঁতৰাই ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *