‘বিছলেৰী’ৰ পানী কিনোতে সাৱধান!‘বিছলেৰী’ৰ পানী খালে হ’ব পাৰে কেন্সাৰ!
বিছলেৰী কোম্পানীৰ বটলৰ পানী ‘অসুৰক্ষিত’ বুলি ঘোষণা এফ এছ এছ এ আয়েৰ ।
খাদ্য নিয়ামক সংস্থা FSSAI-য়ে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ বিৰুদ্ধে আইনী গোচৰ চলোৱাৰ অনুমোদন জনোৱা বুলি কয় । BISLERI কোম্পানীৰ বটলৰ পানী অসুৰক্ষিত বুলি ধৰা পৰাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই কয় যে ‘অসুৰক্ষিত পেকেজিং খোৱাপানী’ সন্দৰ্ভত বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমোদন জনোৱা হৈছে ।
এই সন্দৰ্ভত অভিযোগ উত্থাপন হোৱাৰ পিছতেই পৰীক্ষাৰ বাবে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ চৌহদৰ পৰা ‘পেকেট কৰা খোৱাপানী (খনিজ পানীৰ বাহিৰে)’ৰ এটা নমুনা সংগ্ৰহ কৰা বুলি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই কয় ।