মালবাহী মিনি ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল আক্লিমা খাতুনৰ

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা।

নাথপাৰাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

ই-ৰিস্কাৰে আহি থকা অৱস্থাত মালবাহী ট্ৰাকৰে মহিলাক খুন্দিয়াই পলায়ন কৰে ।

ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় মহিলা গৰাকী।

প্ৰাপ্ত তথ্য অনুসৰি, মহিলা গৰাকীয়ে ই-ৰিস্কাত আহি থকা অৱস্থাত ৰিস্কাৰ পৰা মূৰ উলায়াই দি গৈ আছিল।

কিন্তু পিছত থকা কেইজনমান যুৱককে খেদি খেদি ট্ৰাকখন জব্দ কৰি চাপৰ থানাত গতাই দিয়ে।

মৃত মহিলা গৰাকী গাছপাৰাৰ আক্লিমা খাতুন বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ হৈছে AS-19-AC-3271 আৰু ই ৰিস্কাখনৰ নম্বৰ হৈছে AS-19-AC-9145 বুলি জানিব পৰা গৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *