জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহন বিক্ৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া। জুবিন গাৰ্গৰ পৰিয়ালে লোৱা সিদ্ধান্তত চৰকাৰৰ হস্তক্ষেপৰ কোনো বিষয় নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ বাহন বিক্ৰীক লৈ কয়, ‘‘জুবিন গাৰ্গৰ পৰিয়ালে নিজৰ বিবেচনাৰে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তক লৈ চৰকাৰৰ ক’বলৈ একো নাই ।মই জুবিন পৰিয়ালক মাহেকীয়া সহায় এটা কৰি থকাৰ প্ৰস্তাৱ আগবঢ়াইছিলো,তেতিয়া কিন্তু গৰিমা গাৰ্গে মোক মাহিলি সহায় কৰিব নালাগে বুলি কৈছিল। জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ সম্পর্কত যি সিদ্ধান্ত ল’ব তাত চৰকাৰৰ কোনো মন্তব্য নাথাকে।”
এই সিদ্ধান্তৰ বাবে গৰিমা গাৰ্গক ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে, জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণৰ বাবে নিৰ্মাণ হ’বলগীয়া ‘জুবিনক্ষেত্ৰ’ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মতে, অহা ২-৩ মাহৰ ভিতৰতে জুবিনক্ষেত্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰেঞ্জ ৰ’ভাৰখন জুবিনক্ষেত্ৰত স্থায়ীভাৱে সংৰক্ষণৰ সম্ভাৱনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ডেৰ-দুবছৰলৈ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ছোৱাত বাহনখন তাত ৰাখিব পৰা নাযাব।