ধুবুৰী কাৰাগাৰত অঘটন।
মাহালম ইছলাম(৩০) নামৰ এজন কয়দীৰ মৃত্যু।
নিশা প্ৰায় ১২ বজাত ধুবুৰী কাৰাগাৰত হঠাৎ অসুস্থ হৈ পৰে মাহালম ইছলাম।নামৰ কয়দীটো
তৎক্ষণাত ধুবুৰী কাৰাগাৰ কৰ্তৃপক্ষই মাহালমক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰায় যদিও মেডিকেল কলেজত মৃত্যু হয় কয়দীজনৰ।
উল্লেখ্য যে, যোৱা ৩ ছেপ্টেম্বৰৰ পৰা এনডিপিএছ গোচৰত অভিযুক্ত হৈ ধুবুৰী কাৰাগাৰত আছিল মাহালম।
কয়দীজনৰ ঘৰ দক্ষিন শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কাজিপাৰাত।বুলি জানিব পৰা গৈছে।