গোলাঘাট সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট।
গোলাঘাট জিলা মিছন সমন্বয়ক কাৰ্যালয়ৰ সন্মুখত প্ৰায় শতাধিক শিক্ষক-শিক্ষয়িত্ৰী একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে
শিক্ষক ঐক্য জিন্দাবাদ, দৰমহা গাঁথনিৰ আসোঁৱাহ নিৰ্মূল কৰক,টাইম স্কেল প্ৰদান কৰক আদি শ্লোগানেৰে গোলাঘাট আকাশ বতাহ কঁপাই তোলে।
লগতে উল্লেখ কৰে যে তেওঁলোকে দাবীসমূহ যদি মানি নলয় অনাগত দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিব। সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে কৰা এই প্ৰতিবাদে সচেতন মহলক চিন্তিত কৰি তুলা পৰিলক্ষিত হৈছে।।