ছিপাঝাৰৰ গৰুখুটিত লোমহৰ্ষক ঘটনা।
তেজেৰে লুতুৰি-পুতুৰি আঘাতপ্ৰাপ্ত শৰীৰ লৈ দৌৰি আহি এখন ঘৰৰ পিছফালে খাৱৈত পৰি মৃত্যু এজন লোকৰ।
মৃত লোকজন ছিপাঝাৰৰ গৰুখুটিৰ নিকটৱৰ্তী ২ নং ঘাটৰ আগৰ কনক দাস বুলি চিনাক্ত ।
প্ৰাপ্ত তথ্য অনুসৰি, সন্ধিয়া দীপক দাসৰ ঘৰৰ চোতালত হঠাতে দৌৰি ৰক্তাক্ত শৰীৰেৰে সোমাইছিল কনক দাস। ৰক্তাক্ত শৰীৰেৰে অহা লোকজনে সেইসময়ত একো কথা ক’ব পৰা নাছিল ।
এনে অৱস্থাতে পৰিছিল দীপক দাসৰ বাৰীৰ এটা খাৱৈত। উক্ত স্থানতে মৃত্যু হয় কনক দাসৰ।
লগে লগে ঘটনা সন্দৰ্ভত স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত ছিপাঝাৰ আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।