ঠেলা চালক পিতৃৰ সাদৰ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীলৈ!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰি বহু দৰিদ্ৰ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাইছিল। ঘৰখনত এটা চৰকাৰী চাকৰি আশা পালি থকা বহু পৰিয়ালে দেখিব ল’লে চৰকাৰী চাকৰি এটাৰ সপোন । তেনে এটা সপোন দেখা পৰিয়াল হ’ল বঢ়মপুৰ ভেৰভেৰি বৰষা বৰুৱাৰ পৰিয়াল।

পিতৃ এজন ঠেলা চালক। ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোৰ একমাত্ৰ জীয়ৰী বৰষা বৰুৱাই পাইছিল চৰকাৰী চাকৰি। অসম আৰক্ষীত নিযুক্তি লাভ কৰা বৰষা বৰুৱাই ৯মাহ আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্ত কৰি আহি পালে নিজ গৃহ । জীয়াৰী বৰষা বৰুৱাই চৰকাৰী চাকৰি লাভ কৰা দিন ধৰি পিতৃয়েও এৰিলে ঠেলা।

আন্ধাৰ গুচি পোহৰ অহা ঘৰখনলৈ এইবাৰ মুখ্যমন্ত্ৰীক আলহী হিচাপে নিমন্ত্ৰণ দিলে বৰষা বৰুৱাৰ পিতৃ মাতৃয়ে। এসাজ অন্ন মুখ্যমন্ত্ৰী গৰাকীকক খুৱাবলৈ সাদৰৰে নিমন্ত্ৰণ দিছে মুখ্যমন্ত্ৰী গৰাকীক। বাৰী পুখুৰীৰ মাছ ,থলুৱা খাদ্যৰে জুতি লগাই এসাজ খুৱাব ঠেলা চলোৱা পিতৃয়ে। মনত অগাধ বিশ্বাস দৰিদ্ৰ পৰিয়ালটোৰ নিমন্ত্ৰণ নিশ্চয় মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিব । এসময়ত এসাজ অন্নৰ বাবে হাহাকাৰ কৰা পৰিয়ালটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ঘৰৰ খনৰ জীয়ৰী গৰাকীয়ে এটা চৰকাৰী চাকৰি লাভ কৰিছিল । দৰিদ্ৰ পৰিয়ালটোৰ মনত অগাধ বিশ্বাস, তেওঁলোকৰ এই আন্তৰিক নিমন্ত্ৰণ নিশ্চয় গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *