ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান

জামুগুৰিহাটৰ কুসুমটোলা গাঁৱত চোৰৰ চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। চকী-টেবুল, আলমিৰা আদি ভাঙি ঘৰৰ ভিতৰৰ সকলো সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে মূল্যৱান সামগ্ৰী চুৰি কৰি লৈ যায়।চোৰে।

প্ৰাপ্ত তথ্য অনুসৰি, কুসুমটোলা গাঁৱৰ নিবাসী অনন্ত ৰাম শৰ্মা নামৰ লোকজনৰ পৰিয়ালৰ লোক কোনো কাম বিশেষে ঘৰৰ বাহিৰত আছিল। এই সুযোগকে লৈ চোৰে তেওঁলোকৰ ঘৰৰ পিছফালৰ দুৱাৰৰ টলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। চোৰে ঘৰৰ ভিতৰত সোমাই আলমিৰা আৰু বাকচ ভাঙি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী তথা মূল্যৱান বস্তু পত্ৰ চোৰ কৰি লৈ যায়।

গৃহস্থ ঘৰলৈ উভতি অহাৰ পিছতহে ঘৰৰ ভিতৰৰ এই ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰে

ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ জৰিয়তে খবৰ পোৱাৰ পিছতে আত্মীয়ৰ খবৰৰ ভিত্তিত জামুগুৰি আৰক্ষী থানৰ এটি দল ততাতৈয়তভাৱে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে বুজ লোৱাৰ লগতে ইতিমধ্যে চোৰৰ দলটোক চিনাক্ত কৰিবলৈ আৰু আইনী তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *