অসুস্থ গৰিমা শইকীয়া গাৰ্গ;আজি মুম্বাইলৈ নিয়া হ’ব গৰিমা গাৰ্গক

অসুস্থ গৰিমা শইকীয়া গাৰ্গ।আজি মুম্বাইলৈ নিয়া হ’ব গৰিমা গাৰ্গক। মুম্বাইত হ’ব অসুস্থ গৰিমা গাৰ্গৰ উন্নত চিকিৎসা

৩১ অক্টোবৰত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ। তাৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪ দিন গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা গৰিমা শইকীয়া গাৰ্গৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ যদিও চিকিৎসকে দিছে উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱাৰ পৰামৰ্শ আৰু আজি চিকিৎসকৰ পৰামৰ্শ অনুসৰি মুম্বাইলৈ যাব গৰিমা।

চিকিৎসকৰ মতে, গৰিমাৰ ৰক্তচাপ আৰু ৰক্তত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক অৱস্থাত আছে। অৱশ্যে দীৰ্ঘদিন ধৰি মানসিক চাপৰ সন্মুখীন হোৱাৰ লগতে নিশা পৰ্যাপ্ত টোপনি নোহোৱা আৰু খোৱা-বোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে

ইয়াৰ মাজতে গৰিমাক পৰ্যাপ্ত জিৰণি ল’বলৈ দিয়াৰ লগতে তেওঁৰ ব্যক্তিগত জীৱন আৰু সিদ্ধান্তৰ প্ৰতি সন্মান জনাবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে চিকিৎসকে।

Leave a Reply

Your email address will not be published. Required fields are marked *