অনলাইন চুমাৰ প্ৰেমত বলিয়া কলকাতাৰ গুপ্তাজী;প্ৰেয়সীক বিচাৰি পালেহি নগাঁৱৰ জাজৰী

অনলাইন চুমাৰ প্ৰেমত বলিয়া কলকাতাৰ গুপ্তাজী। প্ৰেয়সীক বিচাৰি পালেহি নগাঁৱৰ জাজৰী।

মোবাইলৰ স্ক্ৰীণতে আৰম্ভ হৈছিল প্ৰেমৰ মিঠা ছন্দ । দিন বাগৰাৰ লগে লগে বাঢ়িছিল হৃদয়ৰ আদান-প্ৰদান। অৱশেষত অনলাইন প্ৰেমে এনে ৰূপ ল’লে যে প্ৰেয়সীৰ টানত সুদূৰ কলকাতাৰ পৰা দৌৰি আহিল গুপ্তাজী।

হয়, এয়া কোনো চিনেমাৰ প্ৰেম কাহিনী নহয়। এয়া নগাঁৱৰ জাজৰী হীৰাগাঁৱৰ বাস্তৱ ঘটনা।

এটি সন্তানৰ মাতৃ চুমী হীৰাৰ সৈতে কলকাতাৰ কৃষান কুমাৰ গুপ্তাৰ মোবাইলযোগে চিনাকি। চিনাকিৰ পৰা বন্ধুত্ব, বন্ধুত্বৰ পৰা প্ৰেম।এমাহৰ অনলাইন প্ৰেমে অৱশেষত গুপ্তাজীক টানি আনিলে জাজৰীলৈ।

প্ৰেমৰ টানত প্ৰেয়সীৰ ঘৰত তিনিদিনীয়া আলহী হ’ল গুপ্তাজী। কিন্তু প্ৰেমৰ গাড়ীখন আগবঢ়াই নিবলৈ গৈ লাগিল অথন্তৰ। প্ৰেয়সীক লগত লৈ পলায়নৰ চেষ্টা চলোৱাৰ সময়তে স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল প্ৰেমিক যুগল।

তাৰ পিছতে আৰম্ভ হ’ল ৰাইজৰ প্ৰশ্নৰ বৰষুণ। অনলাইন প্ৰেমৰ অফলাইন পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হ’ল কলকাতাৰ গুপ্তাজী। ৰাইজে দুয়োকে জবাবদিহি কৰাৰ লগতে খবৰ দিলে স্থানীয় আৰক্ষীক।

ৰাইজৰ সন্দেহ কলকাতাৰ গুপ্তাজী মবাইলত আছে বিভিন্ন যুৱতীৰ সৈতে অসংযত অৱস্থাৰ ফটো। গুপ্তা প্ৰকৃততে মানৱ সৰবৰাহকাৰী নেকি? তাক লৈও সন্দেহ উপজিছে ৰাইজৰ ।

ইফালে চুমী হীৰাৰ স্বামী আৰু পৰিয়ালৰ লোককো অৱগত কৰে ৰাইজে।

মুঠতে মোবাইলৰ স্ক্ৰীণত আৰম্ভ হোৱা প্ৰেমে এইবাৰ কলকাতাৰ পৰা জাজৰীলৈকে বগালে। প্ৰেমৰ টানত কিমান দূৰ যাব পাৰি, তাৰেই যেন এক নতুন উদাহৰণ দাঙি ধৰিলে গুপ্তাজীয়ে।

এতিয়া অৱশ্যে এই প্ৰেম কাহিনীৰ পৰৱৰ্তী অধ্যায় কি হয়, তাৰ বাবেহে অপেক্ষা।

Leave a Reply

Your email address will not be published. Required fields are marked *