হিমন্ত চৰকাৰৰ স্বচ্ছ, নিকা নিযুক্তিয়ে হাঁহি বিৰিঙাইছে দৰিদ্ৰ পৰিয়ালত।
মণ্ডল পৰিয়ালত প্ৰথমটো চৰকাৰী চাকৰি। পিতৃক আৰক্ষীৰ টুপী পিন্ধাই শ্ৰদ্ধা নিবেদিলে পুত্ৰই।
অসম আৰক্ষীৰ বেটেলিয়নত নিযুক্তি লাভ কাৰ্তিক মণ্ডলৰ। ঢেকীয়াজুলিৰ ভেড়গাঁৱৰ মনোৰঞ্জন মণ্ডলৰ পুত্ৰ কৰ্তিক।
উল্লেখ্য যে, আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাগৰাকীয়ে কয়, “আজি অসম আৰক্ষীৰ ১৬০০ ৰো অধিক নতুনকৈ নিযুক্তি পোৱাসকলৰ এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । আজিৰ পৰা তেওঁলোকে আৰক্ষীত যোগদান কৰিব । এইসকলে ২০২৪ চনত নিযুক্তি লাভ কৰিছিল ।”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,”এসপ্তাহৰ পাছত পাঁচ হাজাৰৰো অধিক কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱান ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহিব । ইয়াৰ পূৰ্বে গোৱা আৰু মণিপুৰ আৰক্ষীৰ জোৱানসকলে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । তদুপৰি লাচিত বৰফুকন পুলিচ একাডেমীত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৬৩ গৰাকী জোৱানে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ।”