মহানগৰীৰ মালিগাঁৱত গ্ৰীণ বাছ চালক মইমতালি! ৰাজপথতে বাছ ৰখাই আন বাহনৰ চলাচলত বাধা। জালুকবাৰী আৰক্ষী থানাৰ সন্মুখতে প্ৰতিদিনে দেখা যায় এই দৃশ্য। বাছসমূহ নিয়ন্ত্রণৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্ৰহণ নকৰে জালুকবাৰী আৰক্ষীয়ে।
মালিগাঁৱত একাংশ গ্ৰীণ বাছৰ মইমতালিৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। ৰাজপথৰ ওপৰতে বাছ ৰখাই থোৱাৰ ফলত আন বাহনসমূহৰ যাতায়াতত বাধাৰ সৃষ্টি হৈ আহিছে। আনকি জৰুৰী সেৱাৰ বাহনসমূহো যানজঁটৰ মাজত আবদ্ধ হৈ পৰা দেখা গৈছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি সৃষ্টি হোৱা এই যানজঁটৰ ফলত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। প্ৰশ্ন উত্থাপন হৈছে—এনে দায়িত্বজ্ঞানহীনতাৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে জালুকবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে।