কোকৰাঝাৰ জিলাৰ গোসাইগাঁও হাট ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’ল লাইনত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ ।
প্ৰাপ্ত খবৰ অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১১ বজাত গোসাইগাঁও হাট ৰে’ল ষ্টেচনৰ পূব দিশৰ নামনিমুৱা ৰে’ল লাইনত স্থানীয় ৰাইজে এটি নিথৰ দেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীক (GRP) অৱগত কৰে। খবৰ পোৱাৰ পিছতেই ৰে’ল আৰক্ষীৰ এটা দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
আৰক্ষীৰ প্ৰাথমিক সন্দেহ অনুসৰি, নিশা নামনিমুৱা কোনো দ্ৰুতবেগী ৰে’লৰ চেপাত পৰিয়েই যুৱকজনৰ মৃত্যু হয়। মৃত যুৱকজনৰ পিন্ধনত কলা ৰঙৰ জিন্স পেণ্ট আৰু কলা ৰঙৰ গেঞ্জী আছিল। আনুমানিক ৩৫ বছৰ বুলি ধাৰণা কৰা যুৱকজনৰ চিনাক্তকৰণ সম্প্ৰতি সম্ভৱ হৈ উঠা নাই।
ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো বৰ্তমান কোকৰাঝাৰ চিকিৎসালয়ৰ শৱগৃহত সংৰক্ষিত কৰি ৰখা হৈছে। কোনো লোক বা পৰিয়ালে এই যুৱকজনক চিনাক্ত কৰিব বিচাৰিলে অথবা তথ্য প্ৰদান কৰিব বিচাৰিলে কোকৰাঝাৰ চিকিৎসালয়ৰ মৰ্গত বা স্থানীয় ৰে’ল আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিবলৈ ৰে’ল আৰক্ষীয়ে আহ্বান জনাইছে। ঘটনাটো সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে ইতিমধ্যে এক তদন্ত আৰম্ভ কৰিছে।