আগন্তুক ৰাসোৎসৱক লৈ সত্ৰনগৰী মাজুলীত ব্যাপক প্ৰস্তুতি।
মাজুলী জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ৰাস উদযাপন সমিতিসমূহৰ সৈতে অনুষ্ঠিত কৰিলে এক গুৰুত্বপূৰ্ণ সভা।
জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ সভাপতিত্বত জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই সভাত প্ৰায় ৬৫খন ৰাস মঞ্চৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।।
সিদ্ধান্ত অনুসৰি…
২৫ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা কৰা হ’ব।
ৰাস উদযাপনৰ অনুমতিৰ বাবে কোনো মাচুল দিব নালাগে।
সুৰা নিষিদ্ধ মাজুলীত যাতে সুৰা প্ৰচলন নহয় তাৰ বাবে মাজুলী আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু বৰ্তমান সুৰা ব্যৱসায়ী সকলক আটক কৰি আছে।
মাজুলীলৈ ৰাস উপভোগ কৰিবলৈ অহা লোকসকল যাতে অসুবিধাত নপৰে তাৰ বাবে যাতায়ত যোগাযোগ অধিক উন্নত কৰাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।
পৰ্যটনক আগুৱাই নিয়াৰ বাবে টুনী নদীত জিলা প্ৰশাসনে অনুষ্ঠিত কৰিব মহাৰাস।
উল্লেখযোগ্য যে যোৱা লক্ষ্মী পূৰ্ণিমাৰ পৰাই মাজুলীৰ ৬৫ খনতকৈও অধিক ৰাস মঞ্চত নাট মেলা আৰম্ভ হৈছে। আগন্তুক ২৩, ২৪ আৰু ২৫ নৱেম্বৰত প্ৰতিখন মঞ্চতে ৰাস অনুষ্ঠিত হ’ব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এইবাৰ ৰাস চাবলৈ মাজুলীলৈ অহাৰ সম্ভাৱনা আছে।