চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ!

চামগুৰিৰ বিভিন্ন অঞ্চলত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ মুক্ত বিচৰণ।

বন্যহস্তীৰ মুক্তবিচৰনে শংকিত কৰিছে গেন্ধালী মাজৰআটি ৰাইজক।

দিনৰ পোহৰত চহা কৃষক সকলৰ খেতিডৰা অনিষ্ট কৰে আৰু নিশা হ’লে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে।

বন্যহস্তীৰ উপদ্ৰৱৰ ফলত লাহে লাহে গেন্ধালী মাজৰ আটিৰ ৰাইজে খেতি কৰা বাদ দিয়াৰ লগতে কটাইছে উজাগৰী নিশা।

বনবিভাগেও হাতী কেইটা বনাঞ্চললৈ পঠিওৱাৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই

সেয়েহে বন্যহস্তীৰ কেইটা নিৰাপদ স্থানলৈ আঁতৰাই পঠিয়াই ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সপোনৰ খেতিডৰা ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *