শ্ৰীভূমি চহৰত চোৰৰ টাৰ্গেট পুৰণি মন্দিৰ

শ্ৰীভূমি চহৰ তথা চহৰ সংলগ্ন এলেকাত অব্যাহত আছে চুৰৰ উপদ্ৰৱ ।এইবাৰ চোৰৰ টাৰ্গেট পুৰণি মন্দিৰ ।

শ্ৰীভূমি চহৰৰ সংলগ্ন কৰ্নমধু এলেকাৰ ১৭০ বছৰ পুৰণি মন্দিৰত চোৰে চলালে চাফাই অভিযান। কৰ্নমধু এলেকাৰ মদনমোহন জীউ আশ্ৰমৰ তলা ভাঙি চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰী ।

আনকি মহাপ্ৰভুৰ বিগ্ৰহৰ লগতে চোৰৰ দলে মন্দিৰৰ নানা মূল্যবান সামগ্ৰীৰ লগতে ৰূপৰ অলংকাৰ চুৰ কৰি লৈ যায় ।

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈছে চদৰ আৰক্ষীৰ দল । আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । বাৰে বাৰে চুৰি কাণ্ডৰ ঘটনাই চহৰ এলেকাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *