গাড়ীৰ ভাড়া বৃদ্ধিক কেন্দ্ৰ কৰি বেছিমাৰীত উত্তাল প্ৰতিবাদ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ
গাড়ীৰ অত্যাধিক ভাড়া বৃদ্ধিৰ ফলত সাধাৰণ যাত্ৰী বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰীসকল।
বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে বেছিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে ‘অসম চৰকাৰ হায়! হায়!’, ‘গাড়ীৰ ভাড়া কম কৰক’ আদি শ্লোগান দি ভাড়া বৃদ্ধিৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদত অঞ্চলটোৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী, গাড়ীৰ ভাড়া বৃদ্ধি নিয়ন্ত্ৰণ কৰি পূৰ্বৰ নিৰিখ অনুসৰি ভাড়া নিৰ্ধাৰণৰ ব্যৱস্থা কৰিব লাগে, যাতে সাধাৰণ যাত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত সকাহ লাভ কৰে।
এতিয়া প্ৰশ্ন হৈছে, ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰতিবাদৰ পিছত অসম চৰকাৰ তথা সংশ্লিষ্ট বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।