ভাৰত-বাংলাদেশ সীমান্তত নিখোজ হৈ থকা BSF জোৱান কে. ভেনুৰ মৃতদেহ উদ্ধাৰ
আজি পুৱা শ্ৰীভূমি জিলাৰ কুশিয়াৰা নদীৰ ষ্টিমাৰঘাটৰ BOP অন্তৰ্গত খলাছেৰা এলেকাৰ পৰা উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ। জোৱানজনৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্য।
জানিব পৰা মতে, যোৱা দেওবাৰে নিশা বাংলাদেশী ম’হ চোৰাং সৰবৰাহকাৰীক আটক কৰিবলৈ অভিযান চলোৱাৰ সময়তে নিখোজ হৈছিল BSF জোৱানজন। প্ৰথমে নদীত ডুব যোৱাৰ সন্দেহ কৰা হৈছিল যদিও পিছত বাংলাদেশী ম’হ চোৰাং সৰবৰাহকাৰীয়ে তেওঁক অপহৰণ কৰি বাংলাদেশলৈ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল।
এই ঘটনাক লৈ মঙলবাৰে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে জানিবলৈ দিছিল যে বাংলাদেশত নিখোজ BSF জোৱানজন থকাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই। ইয়াৰ পিছতে ঘটনাটোক লৈ অধিক ৰহস্যৰ সৃষ্টি হয়।
আজি পুৱা কুশিয়াৰা নদীৰ পৰা জোৱানজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৃত্যুৰ কাৰণক লৈ প্ৰশ্ন উত্থাপন হৈছে। নদীত ডুব গৈ তেওঁৰ মৃত্যু হৈছিল নে বাংলাদেশী চোৰাং সৰবৰাহকাৰীয়ে অপহৰণ কৰি হত্যা কৰাৰ পিছত নদীত মৃতদেহ পেলাই দিছিল—সেয়া এতিয়াও স্পষ্ট হোৱা নাই।