হাজো শুৱালকুচি সমষ্টিৰ লাহেশ্বৰী চাপৰি পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱা বৃহৎ পৰিমাণৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ভূমি পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নদীত জাহ যোৱা ভূমি উদ্ধাৰ কৰি সেই ভূমিত বৃহৎ প্ৰকল্প স্থাপনৰ চিন্তা চৰ্চা কৰিব ৰাজ্য চৰকাৰে। জাহ যোৱা ভূমি উদ্ধাৰ কৰি বৃহৎ প্ৰকল্প স্থাপনৰ বাবে কেদ্ৰ চৰকাৰলৈ ৰাজ্য চৰকাৰে প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে হাজোৰ দোকানীয়া ৰেজিং ৰিজাৰ্ভৰ বেদশলীকৃত মাটি শীঘ্ৰে উচ্ছেদ হ’ব বুলি উল্লেখ কৰে