চামগুৰিৰ হেমাড়বৰিৰ কলঙত উদ্ধাৰ যুৱতীৰ মৃতদেহ

চামগুৰিৰ হেমাড়বৰিৰ কলঙত উদ্ধাৰ যুৱতীৰ মৃতদেহ।

কলংত উদ্ধাৰ হোৱা মৃতযুৱতী গৰাকীৰ বৰনিছা ভূঞা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল মৃত যুৱতীগৰাকী।

যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত বৃহস্পতিবাৰে নিশাই চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মাতৃয়ে।

আজি পুৱা কলঙৰ পাৰত উদ্ধাৰ হয় যুৱতীগৰাকীৰ চেণ্ডেল আৰু মোবাইল ফোন।

ইয়াৰ পিছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় চামগুৰি আৰক্ষী আৰু SDRF বাহিনী।

পৰৱৰ্তী সময়ত SDRF বাহিনীয়ে কলঙৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ।

উল্লেখযোগ্য যে কেইবাবছৰ পূৰ্বে যি স্থানত যুৱতীগৰাকীৰ পিতৃৰ পানীত পৰি মৃত্যু হৈছিল, সেই একেটা স্থানতে আজি SDRF বাহিনীয়ে উদ্ধাৰ কৰে জীয়ৰীগৰাকীৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা নাই যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *