লক্ষীপুৰত জব্দ ১৬৮ কোটি টকাৰ য়াবা টেবলেট

কাছাৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু DRIয়ে বৃহৎ‌ সাফল্য ।‌

গোপন তথ্যৰ‌ ভিত্তিত লক্ষীপুৰ সমজিলাৰ শিলচৰ – ইম্ফল ৰাষ্ট্ৰীয় পথৰ জুজুং পাহাৰ এলেকাত অসম ৰাইফলছ আৰু DRI যুটীয়া অভিযান।অভিযানত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট।

জানিব পৰা মতে, শিলচৰস্থিত DRIৰ সৈতে যৌথভাৱে চলোৱা এই অভিযানত মণিপুৰৰ পৰা শিলচৰৰ দিশে অহা এখন ট্ৰাকত তালাচী চলাই ৫ লাখ ৬০ হাজাৰ য়াবা টেবলেট জব্দ কৰা হৈছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৬৮ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে।

আন্তঃৰাজ্যিক মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু DRIৰ এয়া এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযানকাৰী দলটোৱে এজন ব্যক্তিক আটক কৰিছে। লগতে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকখনো জব্দ কৰিছে দলটোৱে।‌

Leave a Reply

Your email address will not be published. Required fields are marked *