ডিব্ৰুগড়ত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে কালি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাই কেইবাটাও উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ’বলগীয়া বিধানসভা চৌহদৰ প্ৰস্তাৱিত স্থানৰ লগতে বহুমুখী ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰি আন্তঃগাঁথনি আৰু অন্যান্য কাম-কাজৰ বুজ লয়।
পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পসমূহৰ উন্নয়নমূলক কাম-কাজৰ বিভিন্ন দিশৰো পৰ্যালোচনা কৰে।
আনহাতে, বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও তেওঁ মত-বিনিময় কৰে।