নেপালত ৰুষ্ট প্ৰাকৃতিক ৰুদ্ৰ ৰূপ।এফালৰ পৰা তচনচ হ’ল নেপাল। নেপালত সন্ধানহীন লোকৰ সংখ্যা বৃদ্ধি
বুধবাৰে পুৱা হঠাৎ তিব্বত সীমান্তৰ সমীপৱৰ্তী মধ্য নেপালৰ জিলাসমূহত অহা ধ্বংসাত্মক বানত এতিয়ালৈকে ১৬০ জনতকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছে। ইফালে, ১৩৩ গৰাকী ভাৰতীয় নাগৰিকক সামৰি ৭৫০ৰো অধিক লোক বৰ্তমানো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
বান-ভূমিস্খলনৰ ফলত ১৬০ জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। ইফালে, সন্ধানহীন ৭৫০ জনৰো অধিক লোকৰ ভিতৰত ১৩৩ গৰাকী ভাৰতীয় পৰ্যটক তথা যাত্ৰী আছে।
এতিয়াও সন্ধানহীন হৈ থকাৰ লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে।
ইয়াৰ মাজতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অধিক তীব্ৰ কৰা হৈছে। নেপালত আবদ্ধ বা সন্ধানহীন ভাৰতীয় নাগৰিকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ মুকলি কৰা হৈছে। জৰুৰীকালীন নম্বৰ +9779851316807 আৰু +9779709107500 মুকলি কৰা হৈছে। জৰুৰী পৰিস্থিতিত নেপালত আবদ্ধ ভাৰতীয় নাগৰিকে এই নম্বৰসমূহত যোগাযোগ কৰিব পাৰিব।
উল্লেখ্য যে, তিব্বত সীমান্তৰ সমীপৱৰ্তী ৰসুৱা আদিকে ধৰি মধ্য নেপালৰ অঞ্চলসমূহত মাত্ৰ ১৫-২০ মিনিটৰ ভিতৰত সমগ্ৰ দৃশ্যপট সলনি হৈছিল এই ভয়ংকৰ জলপ্ৰলয়ৰ ফলত।