মুম্বাইত ২১সংখ্যক MSDC বৈঠক

ৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশৰ জাহাজ নিৰ্মাণ উদ্যোগৰ বাবে দুটা বিশেষ বীমা ঘোষণা কৰিছে।

মুম্বাইত ২১ সংখ্যক সামুদ্ৰিক উন্নয়ন পৰিষদৰ বৈঠকত সম্বোধন কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়ে প্ৰকাশ কৰে।

জাহাজ নিৰ্মাণ প্ৰকল্প ক্ৰেডিট ৰিস্ক বীমা পলিচিয়ে ৰপ্তানি প্ৰকল্প সামৰি লোৱাৰ লগতে বিজনেছ ক্ৰেডিট শ্বিল্ড পলিচিয়ে ঘৰুৱা প্ৰকল্পক সুৰক্ষা দিব। আনহাতে, বীমা প্ৰিমিয়ামত কেন্দ্ৰীয় চৰকাৰে ৰাজসাহায্য প্ৰদান কৰাৰ লগতে বীমা দাবীৰ সময়ত বীমা কোম্পানীসমূহক প্ৰত্যক্ষ সহায় আগবঢ়াব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

দেশৰ জাহাজ নিৰ্মাণ খণ্ডক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *