যোৰহাটত জন জাগৰণ ৰেলীৰ অধীনত বৃহৎ প্ৰতিবাদী সমদল বাহিৰ বিজেপিৰ

জন জাগৰণ ৰেলীৰ অধীনত আজি “দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে” শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে যোৰহাটত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

কাৰ্যসূচীত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, সুশান্ত বৰগোহাঁই আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে চাৰি সমষ্টিৰ আটাইকেইগৰাকী বিধায়কে অংশগ্ৰহণ কৰে।

দেশৰ শান্তি, স্থিৰতা আৰু ঐক্যৰ বিৰুদ্ধে কাম কৰা শক্তিসমূহৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাজ্যজুৰি অব্যাহত থাকিব বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *