বীৰ লাচিত সেনাৰ নেতা মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰি দিয়া এছ আই টিয়ে আৰম্ভ কৰিছে তদন্ত।
সকলোবোৰ দিশ পুংখানুপুংখভাৱে অধ্যয়ন কৰি আগবঢ়াইছে ক্ষীপ্ৰ ক্ষীপ্ৰ গতিত তদন্ত।
ইফালে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বীৰ লাচিত সেনাই এজাহাৰত উল্লেখ কৰা ১০গৰাকী লোকৰ ভিতৰত ৫গৰাকীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰিছে আবিদুৰ ৰহমান, চেলিমা বেগমক আটক কৰা পাছত চাবেৰা বেগম, ছেলিমুৰ ৰহমান, আনোৱাৰা বেগমক।
এজাহাৰখনত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সচিব অনুপম সন্দিকৈয়ে ১০গৰাকী সন্দেহজনক লোকৰ নাম উল্লেখ কৰিছিল। সেইসকলৰ ভিতৰত আছিল- আবিদুৰ ৰহমান, চেলিমূৰ ৰহমান, হাবিবুৰ ৰহমান, ছুজাবুল ৰহমান, ছুভাচিন ইচলাম, মুৰ্জিদা বেগম, চেলিমা বেগম, মজমিনকা বেগম, আনোৱাৰ বেগম আৰু চুবেৰা বেগম।