পাঠশালাত বৃদ্ধি দুৰ্ঘটনা! চিন্তিত ৰাইজ…

এদিনতে তিনিটাকৈ পথ দুৰ্ঘটনাই জোকাৰিছে পাঠশালা। পাঠশালা কলেজ ৰোডৰ এটা ডিভাইডাৰক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে দুৰ্ঘটনাৰ আশংকা। ডিভাইডাৰটো শীঘ্ৰে আঁতৰোৱাৰ দাবী স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ। জিলা আয়ুক্তলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ ৰাইজৰ।

বজালীৰ পাঠশালা কলেজ ৰোডত এদিনতে সংঘটিত হোৱা তিনিটাকৈ পথ দুৰ্ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।পাঠশালা কলেজ ৰোডৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰা এটা ডিভাইডাৰক কেন্দ্ৰ কৰিয়েই সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, পূৰ্বতে পাঠশালা কলেজ ৰোডত পথ দুৰ্ঘটনাৰ সংখ্যা তুলনামূলক ভাৱে কম আছিল। কিন্তু শেহতীয়াকৈ পথৰ মাজত স্থাপন কৰা ডিভাইডাৰটোৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

বিশেষকৈ পাঠশালা চহৰৰ পৰা অহা-যোৱা কৰা পথচাৰী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ লগতে বহু সময়ত ভুল দিশেৰে যাতায়াত কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ইয়াৰ ফলস্বৰূপে উক্ত স্থানত প্ৰায়ে সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়াকৈ এদিনতে তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে। ইফালে, এই ক্ষেত্ৰত বজালী জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দায়িত্বশীল ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।

পথচাৰী আৰু শিক্ষাৰ্থী সকলৰ নিৰাপদ যাতায়ত নিশ্চিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে। স্থানীয় ৰাইজ আৰু দল-সংগঠনসমূহৰ দাবী, পাঠশালা কলেজ ৰোডৰ পথৰ মাজত থকা ডিভাইডাৰটো শীঘ্ৰে আঁতৰাই অথবা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি পথচাৰীসকলৰ বাবে সুচল যাতায়তৰ ব্যৱস্থা কৰিব লাগে

অন্যথা এই স্থানত ভৱিষ্যতে অধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া প্ৰশ্ন হয়, অধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবনে?

Leave a Reply

Your email address will not be published. Required fields are marked *