পথ দুৰ্ঘটনাত কৰুণ মৃত্যু বিহুবৰৰ মানস চেতিয়াৰ

বান বিধ্বস্ত নাজিৰাত মৰ্মান্তিক ঘটনা। পথ দুৰ্ঘটনাত মৃত্যু বীৰ লাচিত সেনা অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানস চেতিয়াৰ

জানিব পৰা মতে, দেওবাৰে বিহুবৰত সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মানস চেতিয়া। দুৰ্ঘটনাৰ পিছত মানস চেতিয়াক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু চিকিৎসাধীন অৱস্থাত আজি পুৱা প্ৰায় ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মানস চেতিয়াই। মানস চেতিয়াৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ শিৱসাগৰ জিলাতে শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, শেহতীয়া বানপানীৰ সময়ত মানস চেতিয়াই দিনে-নিশাই বানপীড়িত ৰাইজৰ কাষত থাকি বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছিল। বানাক্ৰান্ত লোকসকলক উদ্ধাৰ, খাদ্য-সামগ্ৰী যোগান আৰু অন্যান্য সহায়ৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।

এগৰাকী সমাজসেৱী আৰু বানপীড়িত লোকৰ কাষত সদায় থিয় হোৱা যুৱকৰ অকাল মৃত্যুৱে অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *