গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত উদ্বেগজনক তথ্য। কেন্দ্ৰীয় কাৰাগাৰত ভয়াৱহ হাৰত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা।
কাৰাগাৰখনত থকা ৬৭ গৰাকী কয়দী আক্ৰান্ত HIV ৰোগত। আক্ৰান্ত ৬৭ গৰাকীৰ ভিতৰত ৬২ গৰাকী পুৰুষ আৰু ৫ গৰাকী মহিলা কয়দী।
সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে ১৮০০ৰো অধিক কয়দী। প্ৰায় ১৭০০জন পুৰুষ কয়দীৰ ভিতৰত ৬২জন আক্ৰান্ত HIVত। আনহাতে, ৮২ গৰাকী মহিলা কয়দীৰ ভিতৰত HIVত আক্ৰান্ত ৫গৰাকী।
শেহতীয়াকৈ ড্ৰাগছ সংক্ৰান্তীয় গোচৰত তিনিগৰাকী যুৱতীক কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। কাৰাগাৰলৈ অনাৰ পিছতে তিনিওগৰাকী যুৱতীৰ পৰীক্ষা কৰোৱা হৈছিল। এই আটাইকেইগৰাকীৰ শৰীৰত ধৰা পৰে HIVৰ উপস্থিতি।