যোৰহাটৰ চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ডক যশ আগৰৱালাক আটক।
যোৰহাট আৰক্ষীয়ে আজি আটক কৰিছে যুৱকজনক।
উল্লেখ্য যে, নিজৰ ঘৰৰ পৰা ৫০ লাখ টকাৰ অলংকাৰ চুৰ কৰিছিল। প্ৰেমিকাক ডেৰ লাখ টকীয়া আইফোন উপহাৰ দিছিল যশ আগৰৱালে।
এতিয়াও পলাতক হৈ আছে ঘটনাৰ জড়িত দুই অভিযুক্ত।
ঘটনা পোহৰলৈ অহাৰ পিছতে জিতেন্দ্ৰ চোমানি, ৰোহিত প্ৰসাদৰ কোনো সন্ধান নাই।
দুয়ো অভিযুক্তই সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ নিৰ্দোষীতা ব্যক্ত কৰিছে।