জুবিন হত্যাৰ গোচৰত ফাষ্টট্ৰেক আদালতত চলি থকা সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াক লৈ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰত তথ্য ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন কৰাটো কাৰো কাৰণে ভাল নহয়। অসম চৰকাৰে কোনো দিন ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন নকৰে। যদি আমি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ওপৰতো প্ৰশ্ন কৰা আৰম্ভ কৰোঁ তেন্তে আমি গণতান্ত্ৰিক দেশত নাই। যিসকলে প্ৰশ্ন কৰি আছে তেওঁলোকে কেতিয়াবাৰ পৰাই কিবা এটা বাধা জন্মাব বিচাৰি আছে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মোৰ কথা উচ্চতম ন্যায়ালয়ে কিয় শুনিব, ন্যায়ালয়ে সাক্ষীৰ কথা শুনিব। সাক্ষীসকলে মোৰ আগত যদি এটা কথা কৈছে আৰু আদালতত গৈ আন এটা কথা কৈছে, তেন্তে আমি কি কৰিম। হাই ক’ৰ্টৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ ৰায়দানে বহু ডাঙৰ কথা কৈ দিছে। তেওঁৰ ৰায়দানত স্পষ্টকৈ কৈছে, ১৬০ জন সাক্ষীয়ে আদালতত একো কথা নকয়। অমৃতপ্ৰভাৰ বিৰুদ্ধে ১৬০ জন সাক্ষীয়ে এটা কথাও কোৱা নাই। এই সাক্ষীসকলে অভিযুক্তৰ বিৰুদ্ধে একো কথাই ক’ব বিচৰা নাই। কিন্তু সংবাদ মাধ্যমত বাইট থিকে দি আছে।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত লগতে কয় যে, আন্দোলনৰ নেতৃত্ব লৈ থকা এজন সাক্ষীয়ে জুবিনৰ ভুল আছিল বুলি কৈছে। মোক মহাধিবক্তাই এই কথা জনাইছে এই কথা। মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক মন্তব্যৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে যে, আন্দোলনৰ নেতৃত্ব লৈ থকা কোন ব্যক্তিয়ে সাক্ষী হিচাপে আদালতত দিলে এই তথ্য।