নতুন দিল্লীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান

নতুন দিল্লীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান।

২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান।

সামৰণি অনুষ্ঠান মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে ঊষা মংগেশকাৰক প্ৰদান কৰিব ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটাI ইতিমধ্যে সুকণ্ঠি গায়িকা ঊষা মংগেশকাৰে ড০ ভূপেন হাজৰিকাৰ বঁটা গ্ৰহণ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে।

আজি এক সংবাদমেলযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ২৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ দুই ঘণ্টাৰ বাবে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত আধাঘণ্টাৰ বাবে সভা অনুষ্ঠিত হ’ব, ডেৰ ঘণ্টা গীত-মাতৰ চৰ্চা চলিব। ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিব কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে অসমৰ শিল্পীয়ে। গীত পৰিৱেশন কৰিব লগা ৰাষ্ট্ৰীয় শিল্পীসকল শ্ৰেয়া ঘোষাল, মহালক্ষ্মী আয়াৰ, অংগৰাগ পাপন মহন্ত, কবিতা কৃষ্ণমূৰ্তি, শংকৰ মহাদেৱন, এল শুব্ৰমনিয়ম, কল্পনা পাটোৱাৰী, কৌশিকি চক্ৰৱৰ্তী, ৰাহুল পাণ্ডে আৰু শ্ৰীৰাম। ইফালে অসমৰ শিল্পীসকল হ’ল তৰালী শৰ্মা, দীক্ষু শৰ্মা, ডাৱৰ হাজৰিকা, ময়ুখ হাজৰিকা, মৌচুমী চহৰীয়া, অনিন্দিতা পাল, শংকুৰাজ কোঁৱৰ, জুবলী শৰ্মা, ৰূপম ভূঞা।

Leave a Reply

Your email address will not be published. Required fields are marked *