হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানাৰ বিলগাঁৱত বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে জনাঞ্চললৈ ওলাই আহি তাণ্ডৱৰ সৃষ্টি কৰিছে। যাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, হাতীৰ জাকটোৱে দিনৰ ভাগত বিলগাঁৱৰ বিশাল কুঁহিয়াৰ বাৰীসমূহৰ মাজত সোমাই আশ্ৰয় লয় আৰু সন্ধিয়া নামি অহাৰ লগে লগেই জনাঞ্চলত প্ৰৱেশ কৰি মুক্ত বিচৰণ কৰে। খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ জাকটোৱে ইতিমধ্যে অঞ্চলটোৰ কৃষকসকলৰ কেইবাবিঘাও কুঁহিয়াৰ খেতি খাই আৰু গচকি সম্পূৰ্ণৰূপে বিনষ্ট কৰিছে। ইয়াৰ উপৰি জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ-বাৰীৰো ক্ষতিসাধন কৰে।
বন্যহস্তীৰ জাকটো জনাঞ্চলত মুক্ত বিচৰণ কৰাৰ।ফলত বিগত কেইবাদিনো ধৰি গাঁওবাসীয়ে নিজৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ স্বাৰ্থত নিশা উজাগৰে কটাবলগীয়া হৈছে।
আনহাতে,স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, বন্যহস্তীৰ উপদ্ৰৱৰ সন্দৰ্ভত বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই বৰ্তমানলৈকে হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। বন বিভাগৰ এনে নিৰ্লিপ্ত ভূমিকাক লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।