সামান্য কথাতে বন্ধুৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয় আন এজন বন্ধুৱে

ৰঙাপৰা সম-জিলাৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড। সামান্য কথাৰ পৰা সৃষ্টি হোৱা বাক-বিতণ্ডাই ল’লে ভয়ংকৰ ৰূপ। বন্ধুৰ হাততেই প্ৰাণ হেৰুৱাবলগীয়া হয় আন এজন বন্ধুৱে।

উল্লেখ্য যে, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাৰ ১৩ নম্বৰ শ্ৰমিক লাইনত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অমৰ ৰাউতীয়া ওৰফে কামিল আৰু তেওঁৰ বন্ধু লাডৰুজ ইন্দুৱাৰৰ মাজত কোনো এক সামান্য বিষয়ক লৈ প্ৰথমে তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হয়। কথাৰ কটাকটিয়ে ক্ৰমাৎ উত্তপ্ত ৰূপ ধাৰণ কৰাত অমৰ ৰাউতীয়াই লাডৰুজক মাৰপিট কৰে।

ইয়াৰ প্ৰত্যুত্তৰত তীব্ৰ খঙত উত্তেজিত হৈ পৰা লাডৰুজে ওচৰতে থকা এখন কাঠৰ পিৰাৰে অমৰ ৰাউতীয়াৰ মূৰত প্ৰচণ্ড আঘাত কৰে।মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অমৰ মাটিত ঢলি পৰে আৰু অতিপাত ৰক্তক্ষৰণৰ ফলত ঘটনাস্থলীতেই মৃত্যুক সাৱটি লয়।

আনহাতে, এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰঙাপৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তৎপৰতাৰে অভিযান চলাই অভিযুক্ত লাডৰুজ ইন্দুৱাৰক আটক কৰে।

এই লোমহৰ্ষক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ফুলবাৰী চাহ বাগিচা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *