শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৰাজপথত বিধ্বংসী অগ্নিকাণ্ড। সাপ্তাহিক বজাৰলৈ লৈ যোৱা সা-সামগ্ৰীৰে ভৰ্তি ট্ৰাকত অগ্নিকাণ্ড।ৰখাই থোৱা বাহনখনত হঠাতে জুই লগাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
অগ্নিকাণ্ডত ট্ৰাকখনৰ লগতে তাত থকা প্ৰায় ৪০ লাখ টকাৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়।
জানিব পৰা মতে,AS 09 AC 2453 নম্বৰৰ ট্ৰাকখনত নিশাই সাপ্তাহিক বজাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ বোজাই কৰি ৰঙাপৰাৰ ৰাজপথত ৰখাই থোৱা হৈছিল। যান্ত্ৰিক বিজুতিৰ বাবেই ৰখাই থোৱা ট্ৰাকখনত হঠাতে জুই সূত্ৰপাত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে।
নিশাৰ ভাগত ট্ৰাকখন দপদপকৈ জ্বলি উঠা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে ৰঙাপৰা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে জুইৰ লেলিহান শিখাই ট্ৰাকখনৰ লগতে ভিতৰত থকা প্ৰায় ৪০ লাখ টকাৰ সা-সামগ্ৰী জ্বলাই ছাই হৈ যায়। লগতে সৌভাগ্যক্ৰমে নিশাৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও ব্যৱসায়ীগৰাকীৰ বৃহৎ পৰিমাণৰ আৰ্থিক ক্ষতিসাধন হয়। বৰ্তমান ঘটনা সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।