কাজিৰঙাৰ ৰঙাজানত মৰ্মান্তিক ঘটনা;মৃত্যু সংখ্যা ২৩গৰাকীলৈ বৃদ্ধি

কাজিৰঙাৰ ৰঙাজানত মৰ্মান্তিক ঘটনা।। যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত প্ৰচণ্ড সংঘৰ্ষ ফলত ১৬ গৰাকীৰো অধিক লোকে কৰুণ মৃত্যু। দুৰ্ঘটনাত আন বহুকেইজন যাত্ৰী গুৰুতৰভাৱে আহত

জানিব পৰা মতে, নগাঁও অভিমুখে আহি থকা AS 02 AC 6690 পঞ্জীয়ন নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ সৈতে যোৰহাট অভিমুখে গৈ থকা কৰ্ণাটকৰ পঞ্জীয়নযুক্ত (KA 01 AT 0977) এখন ট্ৰাকৰ ৰঙাজানত তীব্ৰবেগত সংঘৰ্ষ লাগে।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনত মহাবিদ্যালয়ৰ ছাত্ৰীকে ধৰি ৩৫ জনতকৈও অধিক যাত্ৰী আছিল।। প্ৰচণ্ড খুন্দাৰ ফলত ট্ৰেভেলাৰখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু ভিতৰতে বহু যাত্ৰী আৱদ্ধ হৈ পৰে। ছাত্রীসকল নগাঁৱৰ কাজিৰঙা মহাবিদ্যালয়ৰ বুলি জানিব পৰা গৈছে।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে ১০ গৰাকীৰো অধিক লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। দুৰ্ঘটনাটোৰ পাছতেই স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুৰুতৰভাৱে আহত যাত্ৰীসকলক ততাতৈয়াকৈ কহঁৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিধ্বস্ত ট্ৰেভেলাৰখনৰ ভিতৰত আৱদ্ধ হৈ থকা আন যাত্ৰীসকলক উলিয়াবলৈ বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় কেবিনেট মন্ত্ৰী অতুল বৰা। তেওঁ উদ্ধাৰ অভিযানৰ তদাৰক কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসন তথা চিকিৎসকসকলক নিৰ্দেশ দিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *