শুকুৰবাৰে পুৱাৰে পৰা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ সংৰক্ষিত পশুচৰণ ভূমিত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ১৩২টা বেদখলকাৰী পৰিয়ালৰ বাসগৃহত প্ৰশাসনৰ বুলড’জাৰ। ৩২০ হেক্টৰ PGR ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা এই কঠোৰ পদক্ষেপৰ পাছতে অঞ্চলটোত এক শোকাকুল আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে, বগীনদীৰ এই ৩২০ হেক্টৰ PGR ভূমি খালী কৰিবলৈ পূৰ্বেই ১৩৫টা পৰিয়াললৈ জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে ।।জাননী লাভ কৰাৰ পাছতে বহুকেইটা পৰিয়ালে নিজৰ বাসগৃহ ভাঙি সা-সম্পত্তি লৈ স্থানান্তৰিত হৈছিল। শুকুৰবাৰে প্ৰশাসনৰ বৃহৎ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ বাকী থকা প্ৰায় ১৩২টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলায়।
আনহাতে, নিজৰ আপোন ঘৰখন প্ৰশাসনৰ বুলড’জাৰে ভাঙি পেলোৱাৰ দৃশ্য দেখি চকুলো টুকি কান্দোনত ভাগি পৰে উচ্ছেদিত লোকসকল।
ইপিনে,।বগীনদীৰ এই অভিযানৰ পাছত জিলাখনৰ কয়লামৰী আৰু বৰবিল অঞ্চলতো পৰৱৰ্তী পৰ্যায়ত উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনে প্ৰস্তুতি চলাইছে।